আজি মহানৱমী

নিউজ ডেস্ক : আজি মহানৱমী। ৰাজ্যৰ শক্তিপীঠসমূহত উদযাপন কৰা হৈছে মহানৱমী। সাধুক ৰক্ষা, অসুৰক দমনৰ বাবে মণ্ডপে মণ্ডপে চলিছে পূজা-অৰ্চনা।
মঙলবাৰে পুৱাৰে পৰা ৰাজ্যৰ শক্তিপীঠসমূহত অগণন ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ঢাক-ঢোলৰ শব্দত মুখৰিত হৈছে চৌদিশ।
মহানৱমীৰ দিনটোত কামাখ্যা দেৱালয়ত পুৱাৰে পৰা ভক্তৰ সোঁত। কামাখ্যা দেৱালয়ত মহানৱমী উপলক্ষে অনুষ্ঠিত কৰা হয় কুমাৰী পূজা। মহানৱমীৰ দিনটোত কুমাৰী সকলক সজাই পৰাই পূজা অৰ্চনা কৰা হয় ।
আনহাতে, মহানৱমী উপলক্ষে ৰাজ্যৰ দেৱাল,পীঠ সমূহত আজি বলি-বিধান চলিব। নলবাৰীৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়, উগ্ৰতৰা দেৱালয়ত ৰাজহুৱা বলিৰ পৰিৱৰ্তে মন্দিৰ পৰিচালনা সমিতিয়ে মা দূৰ্গাৰ ওচৰত বলি আগবঢ়াই ।
বিল্লেশ্বৰ দেৱালয়ত অতি প্ৰাচীন কালৰে পৰা হাঁহ, পাৰ, ম’হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা চলি আহিছে।দুৰ্গা পূজাৰ মহানৱমীৰ দিনা দেৱালয়ত ম’হ বলি দিয়ে। বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়।
পূজাত শান্তি-সম্প্ৰীতি অটুত ৰখাৰ বাবে ৰাজ্যজুৰি সষ্টম আৰক্ষী বাহিনী। গুৱাহাটীসহ ভিন্ন স্থানত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে।