Submersible Titanic Missing : টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ নিৰুদ্দেশ পৰ্যটক কঢ়িয়াই নিয়া চাবমাৰ্চিবল টাইটান
ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জুন : টাইটানিক জাহাজৰ ধ্বংসাৱশেষ চাবলৈ গৈ পৰ্যটক কঢ়িয়াই নিয়া চাবমাৰ্চিবল ‘টাইটান’ আটলাণ্টিক মহাসাগৰত নিৰুদ্দেহ হৈ আছে (Submersible Titanic Missing) । এগৰাকী পাইলট আৰু ৪ গৰাকী মিছন বিশেষজ্ঞ আছিল জাহাজখনত । সাগৰৰ গভীৰতাত থকা টাইটানিকৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ গৈছিল দলটো । পূৰ্বেও এই অত্যাধুনিক জাহাজেৰে বহু লোকে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰিছে (Titanic tourist submersible missing with 5) ।
আটলাণ্টিক মহাসাগৰত সন্ধানহীন এখন চাবমাৰ্চিবল জাহাজ(Submersible Titanic) । শতিকাৰো অধিক পূৰ্বে ডুব যোৱা টাইটানিকৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ গৈছিল লোকসকল ।
উল্লেখ্য যে দেওবাৰৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰে চাবমাৰ্চিবল জাহাজখন (Submersible vessel missing) । সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে । কিন্তু মহাসাগৰৰ অতি গভীৰতাত জাহাজখন সন্ধানহীন হৈ আছে যাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ।
তথ্য অনুসৰি জাহাজখন দেওবাৰে নিশা নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা প্ৰায় ৪৩৫ মাইল (৭০০ কিলোমিটাৰ) দক্ষিণে থকাৰ খবৰ পোৱা গৈছিল । বিভাগীয় কৰ্তৃপক্ষৰ মতে কানাডিয়ান কোষ্ট গাৰ্ডৰ এখন জাহাজ আৰু সামৰিক বিমানে অনুসন্ধানৰ প্ৰচেষ্টাত সহায় কৰিছে । বষ্টনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ নেতৃত্ব চলি আছে উদ্ধাৰ অভিযান ।
২৪ ঘণ্টাৰো অধিক পাৰ হৈ গ’ল । আটলাণ্টিকত পূৰ্ণগতিত ইয়াৰ সন্ধান অব্যাহচত আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ এগৰাকী বিষয়াৰ মতে অঞ্চলটো দূৰৱৰ্তী হোৱাৰ বাবে অনুসন্ধানত যথেষ্ট প্ৰত্যাহ্বান আহিছে ।
অৱশ্যে চাবমাৰ্চিবল জাহাজখনৰ সম্ভেদ উলিওৱাৰ লগতে তাত থকা লোকসকলক উদ্ধাৰৰ বাবে যিমান সম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উপকূলৰক্ষী বাহিনীৰ মতে দেওবাৰে পুৱা জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু ৪৫ মিনিটৰ পাছৰে পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছিল । চাবমাৰ্চিবল জাহাজখন অ’চিয়েনগেট অভিযানে পৰিচালনা কৰিছিল ।
টাইটানিকৰ ধ্বংসাৱশেষ থকা সেই স্থানলৈ এই বিশেষ জাহাজখনে যাত্ৰা কৰিছিল য’ত পুৰাতত্ত্ববিদ আৰু সামুদ্ৰিক জীৱবিজ্ঞানী আছিল বুলি কোৱা হৈছে । উপকূলৰক্ষী বাহিনীয়ে সোমবাৰে কোৱা অনুসৰি তাত এগৰাকী পাইলটসহ ৪ জন মিছন বিশেষজ্ঞ আছিল । অ’চিয়েনগেটৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি চাবমাৰ্চিবল জাহাজখনৰ ভিতৰত অত্যাধুনিক ব্যৱস্থা আছে । লগতে তাৰ ভিতৰত জীয়াই থাকিব পৰা বিভিন্ন সামগ্ৰী আছে । লগতে তেওঁ জনায় যে এই জাহাজখন অত্যাধুনিক আৰু অতি কম সময়ৰ ভিতৰতে সাগৰৰ প্ৰায় ২০,০০০ ফুট গভীৰতাত উপনীত হ’ব পাৰে । এতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকে সুৰক্ষিত আৰু সুস্থভাৱে পুনৰ উভতি আহিব পাৰে ।
উল্লেখ্য যে, ১৯১২ চনৰ ১৫ এপ্ৰিলত চাউদাম্পটনৰ পৰা টাইটানিক জাহাজ যাত্ৰা আৰম্ভ কৰে । যোৱাৰ কথা আছিল নিউয়ৰ্কলৈ । কিন্তু প্ৰথম যাত্ৰাতে টাইটানিক জাহাজ এখন বৰফৰ পাহাৰত খুন্দা মাৰি ডুব যায়। জাহাজখনত থকা ২২০০ যাত্ৰী আৰু ক্ৰুজৰ ভিতৰত ১৫০০ৰো অধিক লোকৰ মৃত্যু হয়।
টাইটানিক জাহাজৰ ধ্বংসাৱশেষ আটলাণ্টিকৰ প্ৰায় চাৰি হাজাৰ মিটাৰ তলত দুটা ভাগত পৰি আছে । ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে এই ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা হৈছিল।
লগতে পঢ়ক : Manipur Violence : হিংসাত্মক মণিপুৰত সীমিত ইণ্টাৰনেট সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ