Local, Vocal, Global

Titabor News : ৰাজ্যত পুনৰ অসমীয়া যুৱকৰ ওপৰত অনা অসমীয়াৰ গুণ্ডাগিৰী

তিতাবৰ,৩০ছেপ্টেম্বৰ : অসমীয়াৰ ওপৰত অনা অসমীয়াৰ গুণ্ডাগিৰী শেষ হোৱাই নাই । বাৰে বাৰে কিয় অনা অসমীয়াৰ হাতত লাঞ্ছিত হ’ব লাগে অসমীয়া ।

পুনৰ অসমীয়া যুৱকৰ ওপৰত অনা অসমীয়াৰ গুণ্ডাগিৰী। কাম কৰা পইচা বিচাৰি যোৱা যুৱকক প্ৰাপ্য দিয়াৰ বিপৰীতে কাঢ়ি নিলে চাইকেল ।

ঘটনা হৈছে তিতাবৰৰ শিলিখা চাহ বাগিচাৰ। ৰাজকুমাৰ চাহু নামৰ এইজন বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ীৰ ওপৰত অভিযোগ উত্তাপন হৈছে। শাৰীৰিক অসুস্থতাৰ বাবে দুদিন কামলৈ যোৱা নাছিল বিকাশ মিৰ্ধা নামৰ এইজন যুৱকে। দুদিন কামলৈ নোযোৱাৰ বাবেই অন্য এজন শ্ৰমিকৰে কাম কৰাইছিল ৰাজকুমাৰ চাহুৱে।

ইয়ালৈকে সকলো কথা ঠিকেই আছে(Titabor News)।

তাৎপৰ্যপূৰ্ণ বিষয় যে বিকাশ মিৰ্ধাই যিকেইদিন কাম কৰিছিল সেইকেইদিনৰ মজুৰি বিচাৰি যোৱাত বিকাশৰ চাইকেল জব্দ কৰি ৰাখে ৰাজকুমাৰ চাহুৱে। ৰাজকুমাৰ চাহুৰ পৰা চাইকেল বিচাৰিব গলে ওলোটাই ৰাজকুমাৰ চাহুক টকা দি চাইকেল আনিব লাগে। টকা নিদিলে চাইকেল নিদিয়ে এইজন অনা অসমীয়া চাহুৱে। ইতিমধ্যে এই সমগ্ৰ ঘটনা ভুক্তভোগী বিকাশ মিৰ্ধাই বান্দৰচলিয়া আৰক্ষী চকীত ২৪ তাৰিখে এজাহাৰ দাখিল কৰিছিল।

এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীৰ ভূমিকা নিৰৱ। ৰাজকুমাৰ চাহুৰ টকা দেখি আৰক্ষীৰ ভুমিকা নিৰৱ বুলিও অভিযোগ আনিছে স্থানীয় ৰাইজে। টকা থকাৰ বাবেই বিহাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীজনে আৰক্ষীকো কেৰেপ নকৰে নেকি ? বিগত তিনি চাৰি বছৰে এই দৰে শ্ৰমিক নিয়োগ কৰি পইচা নিদিয়াৰ অভিযোগ আছে এইগৰাকী অনা অসমীয়া ৰাজকুমাৰ চাহুৰ বিৰুদ্ধে ।

লগতে পঢ়ক :poor conditions of roads : এটা বিধস্ত যমৰ যাতনা ভোগাইছে গোৱালপাৰা পূব সমষ্টিৰ সিধাবাৰীৰ গাওঁ পঞ্চায়ত সহস্ৰাধিক ৰাইজক