Tirobhava Tithi of Srimanta Sankardeva : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনাম ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ
নিউজ ডেস্ক, ১৬ছেপ্টেম্বৰ : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গুৰুজনাৰ ৪৫৫ সংখ্যক পূণ্যতিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কীৰ্তন ঘৰ,নামঘৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আয়োজন কৰিছে নাম-কীৰ্তনৰ (Tirobhava Tithi of Srimanta Sankardeva) ।
পুৱাৰে পৰা অসমীয়া কৃষ্টি-সংস্কৃতি, বিভিন্ন জাতি-জনজাতিক একতাৰ ডোলোৰে বান্ধি ৰখা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনিৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক এক মহাশক্তি প্রদান কৰি থৈ গৈছিল যিয়ে আমাক আজিও একতাৰ জৰীৰে বান্ধি ৰাখিছে । শ্ৰীমন্ত শংকৰদেৱে নিজৰ নীতি, আদৰ্শ, ধৰ্মৰ বাণী প্ৰচাৰ কৰি সোণৰ অসম গঢ়িছিল । এই গৰাকী গুৰুৰ সৃষ্টি আজিও জিলিকি আছে ৷ এসময়ত ধৰ্মৰ নামত চলা ব্যভিচাৰ আঁতৰাই, জাতি-ভেদ, বর্ণ, উচ্চ-নীচৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি সু-শৃংখলিত ৰূপত সমাজ গঢ়াৰ বাবে নৱ বৈষ্ণৱ ধর্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল মহাপুৰুষজনাই।
অসমৰ সৰ্বস্তৰৰ জনগণৰ অন্তৰে অন্তৰে বিদ্যমান গুৰুজনাৰ প্রতি অসীম ভক্তি।
সেই ভক্তিকে সাৰোগত কৰি ৰাজ্যৰ অন্যান্য প্রান্তৰ সত্ৰ নামঘৰসমূহতো শোভাযাত্রা, নাম-কীৰ্তন আদি বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদ্যাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
লগতে পঢ়ক : Daily Horoscope for 16th september : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল