WATCH | Tiranga Yatra : বাক্সাত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা

মুছলপুৰ,২৫মে’ : বাক্সাত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা । ভাৰত মাতা কী জয়, বন্দে মাতৰম ধ্বনিৰে মুখৰিত বাক্সাৰ থমনা ।
বাক্সা জিলাৰ থমনাৰ সাদেৰী চুপাত আজি আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” শীৰ্ষক কাৰ্যসূচী । এই কাৰ্যসূচীৰ অন্তত উলিওৱা হয় ত্ৰিৰংগা সমদল(Tiranga Yatra) ।
শতাধিক মহিলাই অংশ লোৱা এই ত্ৰিৰংগা যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰে দিহিৰা মণ্ডল বিজেপিৰ সভাপতি মৃদুল দাসে । তেওঁ এই যাত্ৰাৰ পৰাই বিটিআৰত এতিয়া সকলোৱে বিজেপিক বিচাৰিছে বুলি উল্লেখ কৰি বিজেপিৰ বিকল্প নাই বুলিও মন্তব্য কৰে(Mann Ki Baat)।
আজি মহিলা সকলৰ লগত বিজেপি নেতা মৃদুল দাসে নদী পাৰ হৈ দেশপ্ৰেমৰ শ্লোগান দি বীৰ শ্বহীদ সকলক সোঁৱৰণ কৰে ।
লগতে পঢ়ক : WATCH | Jamugurihat News: জামুগুৰিহাটৰ উত্তৰছিলাবন্ধা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান