Tiger Terror Strikes Sootea Again: বনৰজাৰ সন্ত্ৰাস;বনৰজাৰ গতিবিধি নিৰীক্ষণৰ বাবে বনবিভাগে স্থাপন কৰিলে চাৰিটাকৈ কেমেৰা
চতিয়া,১ফেব্ৰুৱাৰী: চতিয়াত বনৰজাৰ সন্ত্ৰাস অব্যাহত।চতিয়াৰ দক্ষিণাঞ্চলত বাঘৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে এইবাৰ বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে বনবিভাগে স্থাপন কৰিলে কেমেৰা।
চাৰিটাকৈ স্থানত স্থাপন কৰা চাৰিটা কেমেৰাৰ সহায়ত বনবিভাগে নিৰীক্ষণ কৰিব বাঘৰ গতিবিধি। পানপুৰ-বিশ্বনাথ ঘাট মথাউৰিৰ দাতিৰ কাষত থকা গছত স্থাপন কৰা কেমেৰাৰ সহায়ত বাঘৰ গতিবিধি নিৰীক্ষণ কৰাৰ পাছত বাঘ ধৰিবৰ বাবে বনবিভাগে স্থাপন কৰিব পিঞ্জৰা। বনৰজাক ধৰিবৰ বাবে ইতিমধ্যে বনবিভাগে আনি থৈছে পিঞ্জৰা(Tiger Terror Strikes Sootea Again)।
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশা ওলাই অহা বাঘে চতিয়াৰ দক্ষিণাঞ্চলত বিগত এক সপ্তাহত পাঁচটাকৈ গৰু নিধন কৰি সন্ত্ৰাস চলাইছে আঞ্চলটোত।বাঘৰ সন্ত্ৰাসত এতিয়া চতিয়াৰ দক্ষিণাঞ্চলৰ গড়পাল,কাছমাৰী,চন্দ্ৰআটি আঞ্চলৰ ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক :Sonari News: সোণাৰিত জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ শুভাৰম্ভ