Local, Vocal, Global

Tiger terror in Nagaon :শিলঘাটত বাঘৰ আক্ৰমণত আহত এজন

নিউজ ডেস্ক,২৬নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ শিলঘাট অঞ্চলত বনৰজাৰ সন্ত্ৰাস অব্যাহত আছে।

সোমবাৰে বিয়লি শিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচাৰ ৫ নং লাইনত এটা ঢেকীয়াপটীয়া বাঘে এজন লোকক আক্ৰমণ কৰে।বাঘৰ আক্ৰমণৰ ফলত আহত হয় লোকজন। আহত লোকজন বাগিচাখনৰ ২ নং লাইনৰ বিৰলা মুণ্ডা (৩৫) বুলি জানিব পৰা গৈছে(Tiger terror in Nagaon)।

স্থানীয় সুত্ৰই জনোৱা মতে বিৰলা মুণ্ডাই নিজৰ ভাতৃৰ সৈতে পোহনীয়া গৰু আনিবলৈ যোৱাৰ সময়ত বাঘটোৱে আক্ৰমণ কৰে।বাঘে আক্ৰমণ কৰাৰ সময়ত বিৰলা মুণ্ডাৰ ভাতৃ আৰু একাংশ লোকে চিঞৰ কৰাত বাঘটো আতৰি যায়।

লগতে পঢ়ক :Leopard terror:অৱশেষত পিঞ্জৰাত আৱদ্ধ হ’ল নাহৰফুটুকী