Tiger terror in Nagaon : নগাঁৱৰ জুৰীয়াত পুনৰ বাঘৰ আক্ৰমণৰ ঘটনা

নগাঁও,১৪জুলাই : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক। পথাৰত কাম কৰি থকা অৱস্থাত বাঘৰ আক্ৰমণ ।
নগাঁৱৰ জুৰীয়াৰ পুঠিমাৰিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নগাঁৱৰ জুৰীয়াত পুনৰ বাঘৰ আক্ৰমণ । পথাৰত কাম কৰি থকা অৱস্থাত পিছফালৰ পৰা বাঘৰ আক্ৰমণ এগৰাকী জেষ্ঠ্য ব্যক্তিক। বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনৰ নাম আব্দুল ৰেজ্জাক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, আব্দুল ৰেজ্জাকে ঘৰৰ ওচৰতে পথাৰত কাম কৰি থকা অৱস্থাত বাঘটোৱে আক্ৰমন কৰে । সম্প্ৰতি আব্দুল ৰেজ্জাকক নগাঁৱলৈ লৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে যোৱা কিছু দিন ধৰি নগাঁৱৰ জুৰীয়া, ধিং,বটদ্ৰৱাৰ বিভিন্ন অঞ্চলৰ পথাৰত বাঘটোৱে মুক্ত বিচৰণ কৰি আছে । মুক্ত বিচৰণ কৰি থকা বাঘটোৱে ইতিপূৰ্বে তিনিজনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰিছিল।বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে এসপ্তাহৰ পূৰ্বেই জেঙনীত পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হয়(Tiger terror in Nagaon)।
সেয়ে বৰ্তমানেও বাঘটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই বাঘটোৱে সন্ত্ৰাস অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে চৰকাৰ তথা বন বিভাগৰ ওচৰত দাবী জনাইছে যাতে অতি শীঘ্ৰে বাঘটোক জনাঞ্চলৰ পৰা কাষতে থকা লাওখোৱা অভয়াৰণ্যলৈ খেদি পঠাই।
লগতে পঢ়ক : Tiger terror at Sonari : সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বিচৰণ