Local, Vocal, Global

Tiger terror in Kaliabor:বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত

নিউজ ডেস্ক,৩০ ডিচেম্বৰ : কলিয়াবৰত অব্যাহত আছে বাঘৰ আতংক। বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত। বাঘৰ ভয়তে কলিয়াবৰৰ শিলঘাট, ত্ৰিশূলধাৰী, হাতীমূৰা আদি বনভোজস্থলীলৈ আগমন হোৱা নাই বনভোজৰ দল(Tiger terror in Kaliabor)।

বাঘৰ মুক্ত বিচৰণৰ বাবে শিলঘাটৰ ত্ৰিশূলধাৰীত ইতিমধ্যে প্ৰশাসনে সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত বন্ধ হৈ পৰিছে ত্ৰিশূলধাৰীৰ বনভোজস্থলী। ইয়াৰ পৰিবৰ্তে শিলঘাটৰ কামাখ্যা দেৱালয়ৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজস্থলীৰ ব্যৱস্থা কৰা হৈছে যদিও সমাগম হৈছে সীমিত সংখ্যকহে বনভোজৰ দল।

লগতে পঢ়ক :Drugs peddler arrested along with drugs: গোৱালপাৰাত জব্দ বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন