Local, Vocal, Global

Tiger terror in Kaliabor : কলিয়াবৰৰ হাতীমূৰাত বাঘৰ সন্ত্ৰাস

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : কলিয়াবৰৰ হাতীমূৰাত বাঘৰ সন্ত্ৰাস। আতংকিত ৰাইজ। কলিয়াবৰৰ হাতীমূৰাত এটা নিৰ্মীয়মান বাসগৃহত হঠাৎ প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে। নতুনকৈ নিৰ্মাণ কাম চলি থকা ঘৰটোত এটা বাঘে প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে। বাসগৃহটোৰ ভিতৰত বহুসময় জিৰণি ল’য় ঢেঁকীয়াপতীয়া বাঘটোৱে(Tiger terror in Kaliabor)।

হাতীমূৰাত ৰাইজে প্ৰত্যক্ষ কৰা ঢেঁকীয়াপতীয়া বাঘটো কলিয়াবৰ বাগিচাৰ পৰা ওলাই আহিছে নে অন্য ঠাইৰ পৰা আহিছে তাৰ কোনো সঠিক তথ্য নাই বন বিভাগৰ হাতত। বিগত দুমাহ ধৰি কলিয়াবৰ অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা বাঘ কেইটাৰ ওপৰতো সঠিক তথ্য নাই বিয়াগোম বন বিভাগৰ হাতত।

উল্লেখ্যযে বিগত চাৰিদিনত কলিয়াবৰ অঞ্চলত ১০টাতকৈ অধিক পশুধন নিধন কৰিছে ঢেঁকীয়পতীয়া বাঘে। ঘৰৰ চোতালৰ পৰাই বাঘে লৈ যায় পশুধন। যাৰ বাবে ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰাইজে। ইফালে দীৰ্ঘদিন ধৰি অঞ্চলটোত বিচৰণ কৰি ফুৰা বাঘকেইটা পিঞ্জৰাৱদ্ধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। বহু চেষ্টা কৰিও বাঘকেইটা পিঞ্জৰাৱদ্ধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ।

লগতে পঢ়ক :Fake currency notes seized : দুই যুৱকৰ পৰা উদ্ধাৰ বাণ্ডলে বাণ্ডলে পাঁচশ টকাৰ জালনোট