Local, Vocal, Global

Tiger terror in Kaliabor : কলিয়াবৰত অব্যাহত আছে বনৰজাৰ আতংক;বৰ্তমানেও সামকটা নাই বনৰজাৰ সন্ত্ৰাস

কলিয়াবৰ,১৪ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Tiger terror in Kaliabor)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰত অব্যাহত আছে বনৰজাৰ আতংক । বৰ্তমানেও সামকটা নাই বনৰজাৰ সন্ত্ৰাস।

বনবিভাগে ৮টাকৈ চেঞ্চৰ কেমেৰাৰ লগতে পিঞ্জৰা পাতিছে যদিও বনৰজাক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে নিশাৰ ভাগত কাজিৰঙাৰ পৰা বনৰজাক টেঙ্কলাইজৰ দলৰ লগতে দুটাকৈ হাতী অনাৰ কথা উল্লেখ কৰে শালনা আঞ্চলিক বনবিষয়াই।

তিনিটাকৈ চেঞ্চৰ কেমেৰা পৰীক্ষা কৰিছে যদিও বন বিভাগে বনৰজাৰ কোনো গতিবিধি লক্ষ্য কৰা নাই বুলি আঞ্চলিক বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : Assam Direct Recruitment grade 3: কাইলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা