Local, Vocal, Global

Tiger terror in Kaliabor : কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ আতংক

নিউজ ডেস্ক,৩১আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰি বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Tiger terror in Kaliabor)।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী।

এইবাৰ কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ আতংক। সোণাৰি-কামাখ্যা, কলিয়াবৰ চাহ বাগিচাত ঢেঁকীয়াপতীয়াৰ বিচৰণ। ঢেঁকীয়াপতীয়াৰ বিচৰণক লৈ আতংকিত স্থানীয় ৰাইজ।

দিন-দুপৰতে এঘৰৰ চোতালৰ পৰা পশুধন লৈ গ’ল ঢেঁকীয়াপতীয়াই। এৰাল দিয়া গৰু নিধন কৰিও ঢেঁকীয়াপতীয়াই সৃষ্টি কৰিছে ত্ৰাসৰ(Tiger terror in Kaliabor)।

লগতে পঢ়ক : Minor Boy Falls into Drain After Alleged Drug Use : মহানগৰীত অঘটন; মাকে পইচা নিদিয়াৰ বাবে কিশোৰে জাঁপ দিলে নলাত