Local, Vocal, Global

Tiger terror in Jorhat : যোৰহাটৰ বিভিন্ন অঞ্চলত গড় আৰু বাঘৰ আতংক

যোৰহাট,১৬জানুৱাৰী : যোৰহাটৰ বাৰেচমোৱা,চাৰিগাঁৱৰ বৃহত্তৰ অঞ্চলত গড় আৰু বাঘৰ আতংক।

নিশা হ’লে ঘৰৰ পৰা ওলাব নোৱাৰে স্থানীয় ৰাইজ ।

বনাঞ্চলৰ পৰা নামি অহা বন্য জন্তুৱে খেতি পথাৰ নষ্ট কৰাৰ লগতে বাঘে ভক্ষণ কৰিছে পোহনীয়া জীৱ।

নিশাই আৱাসিক অঞ্চলত বিচৰণ কৰি ফুৰে গঁড়টোয়ে যাৰ ফলত স্থানীয় লোকে ঘৰৰ পৰা পৰা বাহিৰত ওলাব নোৱাৰে ।

গঁড়টোৰ লগতে এতিয়া ব্যস্ত হৈ থাকিব লগা হৈছে যোৰহাটৰ বন বিভাগৰ এটা দল(Tiger terror in Jorhat)।

লাওলোৱা অৱস্থাৰ মাজেৰে চলি থকা যোৰহাটৰ বন বিভাগৰ হাতত নাই এখন ভাল গাড়ী । নাই উপযুক্ত হাঠিয়াৰ । গঁড়টোৰ পিছে পিছে ঘুৰি ফুৰা বন কৰ্মীৰ দলটোৰ হাতত নাই কোনো আধুনিক উপকৰণ

এ টি ৰোডৰ উত্তৰ ফালে পথাৰবোৰত ঘুৰি ফুৰা এই গঁড়টোক লৈ শেহতীয়াকৈ প্ৰায়ে গাঁৱবাসীৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ।

লগতে পঢ়ক :Sonari News: সোণাৰিত গাঁও প্ৰধান নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ