Local, Vocal, Global

Tiger terror in Dergaon : দেৰগাঁৱত বাঘৰ সন্ত্ৰাস;আতংকত গঞা ৰাইজ

নিউজ ডেস্ক,২১আগষ্ট : বাঘৰ সন্ত্ৰাস । আতংকৰ গঞা ৰাইজ ।

দেৰগাঁৱৰ বেজগাঁৱত বাঘৰ আতংক। বাঘৰ ভয়ত দুখনকৈ গাঁৱৰ বাসিন্দাই কটাবলগীয়া হৈছে উজাগৰী নিশা। বাঘত বিচাৰি হাতে হাতে টৰ্চ-লাঠি লৈ ৰাইজৰ অভিযান। বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ।

মঙলবাৰে পুৱাৰ ভাগত বেজগাঁৱৰ এটা পানী যোগান আঁচনিৰ কোঠাত শুই থকা অৱস্থাত এটা ঢেকিয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰে ৰাইজে। লগে লগে হাহাকাৰ লাগিল অঞ্চলটোত। খবৰ দিয়া হয় বন বিভাগক। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ কিছু সময় নিৰীক্ষণ কৰি গুচি যায়(Tiger terror in Dergaon)।

পুনৰ সন্ধিয়াৰ ভাগত স্থানীয় লোকে বাঘটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। আকৌ আহিল বন বিভাগৰ দল। ঘৰটোত টৰ্চ মাৰি নিৰীক্ষণ কৰি দুজাই গুলী ফুটালে বন বিভাগে। বাঘৰ কোনো সাৰ-সুৰ নাই। তাৰ পিছতে বন বিভাগে ৰাইজক জনালে যে বাঘ নাই।

কিন্তু আশ্বস্ত হ’ব নোৱাৰিলে ৰাইজ। হাতে হাতে টৰ্চ-লাঠি লৈ একাংশ লোকে পৰীক্ষা কৰিবলৈ গ’ল ঘৰটো। ঘৰটোত প্ৰৱেশ কৰিয়ে লোককেইজনে প্ৰত্যক্ষ কৰিলে বাঘটো। বাঘৰ মুখত পৰি কোনোমতে প্ৰাণটো লৈ পলায়ন কৰে লোককেইজনে। তাৰ পিছতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ(Tiger terror in Dergaon)।

বন বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিলে ক্ষোভ। বন বিভাগৰ দলটোৰ এনে সোপাঢিলা কাণ্ডত ক্ষোভিত হৈ পৰে ৰাইজ। বাঘ থকাৰ পিছতো নাই বুলি মিথ্যাচাৰৰ আশ্ৰয় লোৱা বন বিভাগৰ ওপৰত ভৰসা হেৰুৱাইছে ৰাইজে।

লগতে পঢ়ক : Fake SSB constable detained in Nalbari : এইবাৰ ভুৱা SSB জোৱান