Tiger terror at Najira : নাজিৰাৰ খামুন অভয়পুৰীয়া গাঁৱত বাঘৰ সন্ত্ৰাস
গেলেকী,৫আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া জন্তুৱে চলাইছে সন্ত্ৰাস ।বনাঞ্চলৰ পৰা জলাঞ্চললৈ ওলাই আহিছে বনৰীয়া জন্তু ।
এইবাৰ নাজিৰাৰ খামুন অভয়পুৰীয়া গাঁৱত বাঘৰ সন্ত্ৰাস। শিৱসাগৰ জিলাৰ নাজিৰাৰ বৰফুকন গাঁওঁ পঞ্চায়তৰ অন্তৰ্গত খামুন অভয়পুৰীয়া গাঁৱত বাঘৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী । গাঁৱখনত বাঘে সঘনাই পশুধন আক্ৰমণ কৰাৰ উপৰিও নিধন কৰিছে বহু কেইটা পশু। ফলত ক্ষতিগ্ৰস্ত হৈ পৰিছে কৃষিজীৱী তথা সাধাৰণ লোক(Tiger terror at Najira)।
বাঘৰ উপদ্ৰৱৰ ফলত গাঁৱখনৰ কণ কণ শিশু সকলক লৈয়ো শংকিত হৈ পৰিছে গাঁৱবাসী। দিনে নিশাই অহা যোৱা কৰি থকা শিশু সকলক বাঘৰ ভয়ত শংকিত হৈছে। ইতিমধ্যে বহু লোকৰ গৃহলৈ আহি বহু লোকৰ পশুধন বাঘে আক্ৰমণ কৰি নিধন কৰিছে।
গাঁওবাসীৰ দাবী অতি শীঘ্ৰে গাঁওখনত এটা পিঞ্জৰাৰ ব্যৱস্থা কৰিব লাগে।