Local, Vocal, Global

Tiger terror at Nagaon : নগাঁৱৰ জুৰীয়াত অকমণ্য বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ

নগাঁও, ১৪জুলাই : নগাঁৱৰ জুৰীয়াত অকমণ্য় বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ । বিগত এপষেক ধৰি নগাঁৱৰ জুৰীয়া, ধিং,বটদ্ৰৱাৰ বিভিন্ন অঞ্চলৰ পথাৰত অৱস্থান কৰি থকা এটা বাঘে আতংকৰ সৃষ্টি কৰি আহিছে । ইফালে ১২ দিনত বাঘৰ আক্ৰমণত আহত হৈছে ৪ জনকৈ লোক(Tiger terror at Nagaon) ।

এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰা বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে এসপ্তাহৰ পূৰ্বেই জেঙনীত পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হয়।

যাৰ পৰিণতিত অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিৱেশ। সন্ত্ৰাস সৃষ্টি কৰা বাঘটোক পিঞ্জৰাবদ্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ বন বিভাগৰ বিৰুদ্ধে জুৰীয়াৰ পুঠিমাৰিত সদৌ অসম সংখ্যলঘু সংগ্ৰাম পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বন মন্ত্ৰীৰ পুত্তালিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।

বিগত ১২ দিনে জুৰীয়াত সন্ত্ৰাস চলোৱা বাঘটোক পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম নোহোৱা বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ সংগঠনটো। ২৪ ঘন্টাত বাঘটো পিঞ্জৰাৱদ্ধ কৰিব নোৱাৰিলে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ সদৌ অসম সংখ্যলঘু সংগ্ৰাম পৰিষদৰ ।

লগতে পঢ়ক : Japanese Encephalitis : কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ; আতংকিত কলিয়াবৰবাসীক