Local, Vocal, Global

Tiger terror at Dibrugarh : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ডিব্ৰুগড়ত বাঘ আতংক

নিউজ ডেস্ক,১৩জুলাই : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক। । বাঘৰ আতংকত দিন কটাবলগীয়া হৈছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । ডিব্ৰুগড়ত প্ৰলয়ংকাৰী বানৰ মাজতেই চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী বানাক্ৰান্ত ।

জানিব পৰা মতে, শুকুৰবাৰে দধীয়া লাইকাৰ তিনিজন ব্যক্তি গৰু চৰাবলৈ যাওঁতেই এটা বাঘে আক্ৰমণ কৰে ।এই ঘটনাৰ পাচতে উন্নত চিকিৎসাৰ বাবে তিনিওজনক চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎস্যালয়ত ভৰ্তি কৰোৱা হয় ।

বাঘৰ আক্ৰমণত আহত ব্যক্তি কেইজনৰ নাম হৈছে আৰবাজ ডাং, জিতুল ডাং আৰু মেকচেৰে চুক্ৰাং বুলি জানিব পৰা গৈছে । তিনিওগৰাকী ব্যক্তি দধীয়া চাৰিসুঁতিৰ বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে(Tiger terror at Dibrugarh ) ।

লগতে পঢ়ক : Tragic Road Accident :মৰ্মান্তিক দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰাকৰ তলত সোমাল স্বামী-স্ত্ৰীৰ লগতে ৮ বছৰীয়া সন্তান;নিহত এজন