Local, Vocal, Global

Tiger Teeth and Ivory Seized: নগাঁৱৰ ঘূৰঘূৰিত জব্দ হাতীৰ দাঁত, বাঘৰ দাঁতৰ লগতে বিভিন্ন জন্তুৰ দেহৰ অংশ

নিউজ ডেস্ক,৩০জানুৱাৰী : নগাঁৱৰ ননৈৰ ঘূৰঘূৰিত বন বিভাগৰ অভিযান । বন বিভাগৰ অভিযানত জব্দ বিভিন্ন জন্তুৰ অৱশিষ্ট অংশ।

বুধবাৰে নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগে জব্দ কৰে ভিন্ন জন্তুৰ অংশ ।

গোপন সূত্ৰৰ পম খেদি কাজিৰঙা আৰু নগাঁও বন বিভাগে কঠিয়াতলী আৰক্ষীৰ সহযোগত জব্দ কৰে হাতীৰ দাঁত, বাঘৰ দাঁতৰ লগতে বিভিন্ন জন্তুৰ দেহৰ অংশ ৷ দুখন বাইকত সৰবৰাহকাৰীয়ে আনিছিল সামগ্ৰীসমূহ(Tiger Teeth and Ivory Seized) ৷

সামগ্ৰীখিনি বিক্ৰী কৰিব চেষ্টা কৰোতেই তিনিজন লোকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোককেইজন কাৰ্বি আংলঙৰ অমৰ হাঞ্চে, নগাঁৱৰ মহিন্দ্ৰ বাৰাং আৰু প্ৰবিন চাংমাই ৷

লগতে পঢ়ক :Harmeet Singh : বুধবাৰে ৰাজ্যৰ নতুন ডিজিপি হিচাপে দায়িত্ব গ্ৰহণ কৰে হৰমীত সিঙে