Local, Vocal, Global

কলিয়াবৰত বাঘৰ আতংক !আহত এগৰাকী মহিলা…

ডিজিটেল ডেস্ক:- কলিয়াবৰত পুনৰ বাঘৰ আতংক।কলিয়াবৰ চাহ বাগিছাত অব্যাহত আছে বাঘৰ আতংক।বিগত প্ৰায় ১ মাহ ধৰি কলিয়াবৰৰ বহু অঞ্চলত বাঘে মুক্ত বিচৰণ কৰি আছে।চাহ বাগিচাত বাঘৰ মুক্ত বিচৰণৰ বাবে আতংকিত হৈ পৰিছে শ্ৰমিক তথা কৰ্মচাৰীসকল।বাঘৰ সন্ত্ৰাসত আহত মহিলা।জানিব পৰা মতে বৃহস্পতিবাৰে সন্ধিয়া ৭ মান বজাত ঘৰৰ পাছফালে বাঘটো প্ৰত্যক্ষ কৰিছিল এগৰাকী মহিলাই।বাঘটো ঘৰৰ পাছফালে বিচৰণ কৰি আছিল।ঘৰৰ পাছফালে বাঘ দেখি পলায়ন কৰোতেই আহত হয় এগৰাকী মহিলা।বাঘৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰি পলায়ণ মহিলাগৰাকীৰ। কিন্তু পলায়ণ চেষ্টা কৰোতেই পিচল খায় পৰি আহত হয় মহিলাগৰাকী।আহত মহিলাগৰাকীৰ নাম চম্পা কল | বাঘৰ মুক্ত বিচৰণক লৈ এতিয়া গাঁওবাসী আতংকিত হৈ পৰিছে |