Local, Vocal, Global

Tiger Roams Freely in Kaliabor : পুনৰ কলিয়াবৰ চাহ বাগিচাত বাঘৰ মুক্ত বিচৰণ

কলিয়াবৰ,২৫ছেপ্তেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহিছে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত(Tiger Roams Freely in Kaliabor)।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে।

আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু ।

পুনৰ কলিয়াবৰ চাহ বাগিচাত বাঘৰ মুক্ত বিচৰণ।বাঘৰ ভয়ত আতংকিত চাহ বাগিচাৰ শ্রমিক। বাঘৰ ভয়ে ভয়ে বাগিচাত পাত তোলাত ব্যস্ত শ্ৰমিক সকল।

বাঘ ধৰিবলৈ পিঞ্জৰা পাতি ব্যৰ্থ হোৱা বন বিভাগে হাতীৰ সহায়ত বাঘ খেদাৰ পন্থা হাতত লৈছে কলিয়াবৰ চাহ বাগিচাত।

উল্লেখ্য যে, বিগত প্ৰায় দুই-তিনি মাহ ধৰি বাঘৰ আতংকত ভুগি আহিছে কলিয়াবৰৰ নাম- কামাখ্যা,সোনাৰী গাঁও,কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজে। ইতিমধ্যেই বাঘৰ আক্ৰমণত মৃত্যু হৈছে পশু ধন । লগতে সন্ধানহীন হৈছে এজন লোক।

বাঘৰ ভয়ত এতিয়া কলিয়াবৰ চাহ বাগিচাৰ ৰাইজে ভয় সংশয়ৰ মাজত কাম কৰিবলগীয়া হৈছে।

লগতে পঢ়ক :Sensational incident : যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ