Local, Vocal, Global

Tiger Roams Freely in Goreswar : ৰাজ্যত পুনৰ বাঘৰ মুক্ত বিচৰণ

গোৰেশ্বৰ,২২অক্টোবৰ : ৰাজ্যত পুনৰ বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত গৃহবন্দী ৰাইজ(Tiger Roam Reely in Goreswar) ।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।

আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ গোৰেশ্বৰত বাঘৰ সন্ত্ৰাস ।বাঘৰ ভয়ত ঘৰৰ ভিতৰতে গৃহবন্দী হৈ আছে ।

আজি মহা অষ্টমী । মহা অষ্টমী দিনটোত বাঘৰ আতংকত ওলাই যাব পৰা নাই(Tiger Roam Reely in Goreswar) ।

ৰাজ্যত পুনৰ দেখিবলৈ পোৱা গৈছে বাঘৰ মুক্ত বিচৰণ । গোৰেশ্বৰৰ গাৰোগাৱ ওলাইছে বাঘ। বাঘ বিচাৰি হাহাকাৰ ৰাইজৰ । বাগৰ মুক্ত বিচৰণক লৈ এতিয়া সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।বাঘৰ আতংকৰ বাবেই মহা অষ্টমী দিনা দূৰ্গা পূজা চাবলৈ যাব পৰা নাই স্থানীয় ৰাইজ। আতংকিত ৰাইজে প্ৰত্যক্ষ কৰা বাঘটো নাহৰফুটুকী বাঘ বুলি সন্দেহ কৰিছে ।

ইতিমধ্যে ঘটনাস্থলীত গোৰেশ্বৰ বন বিভাগৰ এটা দলে আৰম্ভ কৰিছে বাঘ বিছাৰি অভিযান ।বন বিভাগেও বাঘৰ পদাংক প্ৰত্যক্ষ কৰি অভিযান অব্যাহত ৰাখিছে ।বৰ্তমানে গাৰোগাঁ‌ৱবাসী ৰাইজ আৰু বনবিভাগে বাঘ বিছাৰি গাঁৱখনৰ হাবি জংঘলৰ অব্যাহত ৰাখিছে অভিযান

লগতে পঢ়ক : Benefits Of Clay Pot Water : মাটিৰ পাত্ৰত ৰখা পানী আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানো আহক