Tiger Roams Freely in Chabua : চাবুৱাত কৰ্মৰত অৱস্থাত মহিলা শ্ৰমিকক বাঘৰ আক্ৰমণ

নিউজ ডেস্ক,৯অক্টোবৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহিছে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত(Tiger Roams Freely in Chabua)।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে।
আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু ।
চাবুৱাত চাহ শ্ৰমিকৰ ওপৰত বাঘৰ আক্ৰমণ। খাৰজান চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা ।কৰ্মৰত অৱস্থাতে মহিলা শ্ৰমিকৰ আক্ৰমণ কৰে বাঘে ।আহত মহিলাগৰাকী দীপা নন্দ বুলি জানিব পৰা গৈছে । বৰ্তমান আহত দীপা নন্দ অসমৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ।চাহপাত তুলি থকা অৱস্থাতে বাঘে আক্ৰমণ কৰে মহিলাগাৰকীক।
লগতে পঢ়ক :Road Accident In Guwahati : মহানগৰীৰ ছয়মাইলত তীব্ৰবেগী I20 বাহনৰ খুন্দা পথৰ দাঁতিৰ ৰেলিঙত