Local, Vocal, Global

Tiger Roaming in Nazira : নাজিৰাৰ ৰজাবাৰী ঘোগোৰামুখত নাহৰফুটুকীৰ সন্ত্ৰাস

নিউজ ডেস্ক, ৮আগষ্ট : ৰাজ্যত অব্যাহত আছে বাঘৰ আতংক ৷ বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (Tiger Roaming in Nazira)।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত। আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । ফলত সৃষ্টি হৈছে সংঘাতৰ ।

নাজিৰাৰ ৰজাবাৰী ঘোগোৰামুখত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। নাজিৰাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নামতি ৰজাবাৰী ঘোগোৰামুখত দীৰ্ঘদিন ধৰি নাহৰফুটুকীয়ে উপদ্ৰৱ চলাই আহিছে। অঞ্চলটোৰ বহু পশুধনৰ ওপৰত বাঘে আক্ৰমণ কৰি নিধন কৰিছে(Tiger Roaming in Nazira)।

বাঘৰ আতংক চাহবাগিছা,শাক পাচলিৰ কৃষি কৰ্ম কৰি থকা ব্যক্তি সকলেও ভয় শংকাৰে কৰ্ম সম্পাদন কৰিব লগাত পৰিছে। খাদ্যৰ সন্ধানত অঞ্চলটোলৈ অহা নাহৰফুটুকী বাঘৰ উপদ্ৰৱত শংকিত হৈ পৰিছে অঞ্চলবাসী।

শীঘ্ৰেই বন বিভাগৰ এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱাটো বিচাৰিছে অঞ্চলবাসী ৰাইজে।

লগতে পঢ়ক : Road Accident in Titabar : ইকো ভান ৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী