Local, Vocal, Global

Tiger Roaming in Kaliabor : কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণ

নিউজ ডেস্ক,৭আগষ্ট : ৰাজ্যত বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (Tiger Roaming in Kaliabor) ।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Tiger Roaming in Kaliabor)।

আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণ। ঢেঁকীয়াপতীয়াৰ বিচৰণত আতংকত অঞ্চলটোৰ ৰাইজ। বৰ্তমানেও হাবিত ঢেঁকীয়াপতীয়াটো অৱস্থান কৰি থকাৰ সন্দেহ ৰাইজৰ ।

জানিব পৰা মতে, শিলঘাট-জখলাবন্ধা পথ অতিক্ৰম কৰিছে ঢেঁকীয়াপতীয়াটোৱে ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে নিশাই ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।

লগতে পঢ়ক : Deer death in accident : কাজিৰঙাৰ বচাগাঁৱত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত পহুৰ মৃত্যু