Tiger Roaming in Domdoma : ৰাজ্যত বাঘৰ সন্ত্ৰাস; নাহৰ ফুটুকী বাঘৰ আক্ৰমণত আহত মহিলা শ্ৰমিক

ডুমডুমা, ৫ ডিচেম্বৰ : ৰাজ্যত বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (Tiger Roaming in Domdoma) ।
অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ ডুমডুমাত বাঘৰ সন্ত্ৰাস । বাঘৰ ভয়ত আতংক ৰাইজ ।
ডুমডুমাৰ তালাপ দাইছা চাহ বাগিছাত বাঘৰ সন্ত্ৰাস । নাহৰ ফুটুকী বাঘৰ আক্ৰমণত গুৰত্বৰ ভাৱে আহত এগৰাকী মহিলা শ্ৰমিক । চাহ বাগিছাত কাম কৰি থাকোতে বাঘে আক্ৰমণ কৰে মহিলা গৰাকীক । মহিলা গৰাকী সাৰিকা শিৱৰাজ বুলি জানিব পৰা গৈছে । আহত মহিলা গৰাকীক ইতিমধ্যে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Tiger Roaming in Domdoma) ।
লগতে পঢ়ক :Tiger Roams Freely in Goreswar : ৰাজ্যত পুনৰ বাঘৰ মুক্ত বিচৰণ