Local, Vocal, Global

WATCH | Thyroid : আপোনাৰ থাইৰয়ডৰ সমস্যা আছে নেকি ?

আজিকালি এটা ৰোগ অতি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে ৷ সেয়া হৈছে থাইৰয়ড ৰোগ । এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা গৈছে । এই ৰোগ নিয়ন্ত্ৰত ৰাখিবলৈ অৱলম্বন কৰক তলত দিয়া পদ্ধতি ৷
এলোভেৰা)

বিশেষজ্ঞসকলৰ মতে মহিলাসকলে চালকুঁৱৰী সেৱন কৰি থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিব পাৰিব । চালকুঁৱৰী সেৱনে কফ নিয়ন্ত্ৰত ৰাখে । লগতে শৰীৰত থাইৰয়ড ৰোগ হোৱাত বাধা প্ৰদান কৰে(Thyroid)।

ধনিয়া
থাইৰয়ড নিয়ন্ত্ৰণত ধনিয়া অতি ফলপ্ৰসূ । ধনিয়া আৰু জিৰা একেলগে খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায় । ইয়াৰ বাবে ধনিয়া আৰু জিৰা নিশা পানীত তিয়াই থ’ব লাগে ৷ ইয়াৰ পিচত পুৱা ফিল্টাৰ কৰি খালী পেটত খাব লাগে । ইয়াৰ দ্বাৰা থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি ।

পুৱা খোজ কাঢ়িবলৈ যাওক (Morning Walk)

পুৱা খোজ কঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী । ইয়াৰ বাবে সমগ্ৰ শৰীৰে ভালদৰে অক্সিজেন লাভ কৰে । যাৰ সহায়ত থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি । প্ৰতিদিনে পুৱা প্ৰায় ১৫ ৰ পৰা ২০ মিনিট খোজ কাঢ়িলে স্বাস্থ্য উন্নতি হয় ।

প্ৰাণায়াম

প্ৰাণায়ামৰ জৰিয়তেও থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি । পুৱাৰ প্ৰাণায়াম অতি উপকাৰী । সন্ধিয়াও এই কাম কৰিব পাৰে । ই থাইৰয়ড ৰোগ নিয়ন্ত্ৰণত সহায় কৰে । প্ৰতিদিনে ১০-১৫ মিনিট প্ৰাণায়াম কৰিলে নিশ্চয় ইয়াৰ লাভ পাব ।