Watch | Three young men traveled to Kedarnath by bicycle: শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাঙ্গণৰপৰা কেডাৰনাথলৈ চাইকেলেৰে যাত্ৰা তিনি যুৱকৰ
শিৱসাগৰ: পৱিত্ৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে ইতিমধ্যে মুকলি হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰপৰা ভক্তৰ সোত বৈছে পৱিত্ৰ কেদাৰনাথলৈ।
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাঙ্গণৰপৰাও তিনি যুৱকে যাত্ৰা আৰম্ভ কৰিছে কেদাৰনাথ অভিমুখে।
শিৱসাগৰৰ হাঁহচৰাৰ ভাৰ্গৱ গগৈ, লক্ষীমপুৰৰ বচাগাঁৱৰ কুসুম্বৰ দাস আৰু ডিব্ৰুগড়ৰ মোহিন পাহাৰীয়া নামৰ এই তিনি যুৱকে আজি পুৱা ৰাওনা হৈছে পৱিত্ৰ কেদাৰনাথ ধাম অভিমুখে। চাইকেলেৰে ৰাওনা হোৱা এই তিনি যুৱকে কেদাৰনাথৰ লগতে পৱিত্ৰ ৰাম মন্দিৰকে ধৰি কেইবাটিও ধৰ্মীয় স্থল দৰ্শন কৰিব।
এই যাত্ৰাকালত এখন নিচামুক্ত অসমৰ বাৰ্তাও ৰাইজলৈ দি যাব বুলি মত প্ৰকাশ কৰিলে যুৱককেইজনে। প্ৰায় ডেৰমাহ জোৰা এই যাত্ৰা সুকলমে সম্পূর্ণ কৰিবৰ বাবে সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছে কেডাৰনাথ অভিমুখী যুৱককেইজনে।