Local, Vocal, Global

ATM কাৰ্ড হেক কৰি ৰঙাঘৰৰ আলহী হ’ল হাৰিয়ানাৰ তিনি যুৱক

নিউজ ডেস্ক, ৩ আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে ATM কাৰ্ড হেক কৰি লুন্ঠন কৰা ঘটনাৰ।

দেৰগাৱঁৰ সমীপৱৰ্তী বাদুলীপাৰত ATM কাৰ্ড হেক কৰি ৰঙাঘৰৰ আলহী হ’ল হাৰিয়ানাৰ তিনি যুৱক। দেৰগাঁও আৰক্ষীৰ জালত পৰা এই তিনি ATM হেকাৰ হৈছে সন্দীপ কুমাৰ,চনু সিং আৰু সত্যৱান।

বিগত ২ জুলাইত বাদুলীপাৰৰ এটা ATM ত প্ৰাঞ্জল গগৈ নামৰ এজন ব্যক্তিৰ ATM কাৰ্ড কৌশলেৰে সলনি কৰি এই তিনি হেকাৰে লুটিছিল ১ লাখ ১৬ হাজাৰ টকা।

প্ৰাঞ্জল গগৈ নামৰ লোকজন ATM মেচিনৰ পিছফালে ঘুৰোতেই কৌশলেৰ এই তিনি হেকাৰে সলনি কৰি লয় ATM কাৰ্ড।ইয়াৰ পিছতে প্ৰাঞ্জল গগৈৰ একাউণ্টৰ পৰা হৰলুকি হয় বৃহ পৰিমানৰ ধন ।

হাৰিয়ানাৰ এই তিনি ATM হেকাৰ সম্প্ৰতি দেৰগাওঁ আৰক্ষীৰ জিম্মাত।

কেৱল দেৰগাৱঁৰ বাদুলীপাৰতেই নহয় যোৰহাটকে আদি কৰি বিভিন্ন ঠাইত সন্ত্ৰাস চলাই আহিছিল এই তিনি হেকাৰে । যোৰহাট থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই কাজিৰঙাৰ কহঁৰাৰ পৰা গ্ৰেপ্তাৰ কৰে এই তিনি হেকাৰক।

তিনি হেকাৰক বৰ্তমান দেৰগাওঁ আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলাই আছে ।