গুৱাহাটী প্ৰেছ ক্লাবত তিনিগৰাকী নাৰীক “সদিচ্ছা বঁটা ২০২২”প্ৰদান
নিউজ ডেস্ক,৫মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে আয়োজিত এক অনুষ্ঠানত জীৱনৰ বিভিন্ন প্ৰতিকুলতাক নেওচি নিজ নিজ ক্ষেত্ৰত উজ্বলি উঠা তিনিগৰাকী নাৰীক “সদিচ্ছা বঁটা ২০২২”প্ৰদান কৰে।”জলী বৰুৱা সোঁৱৰণি সদিচ্ছা ক্ৰীড়া বঁটা ২০২২”ক্ৰীড়াবিদ শ্ৰীমতী মৌপিয়া ভৌমিকক ক্ৰীড়াৰ ক্ষেত্ৰত ফুটবল ৰেফাৰীৰ দৰে প্ৰদৰ্শন কৰা বাবে প্ৰদান কৰা হয়।আৰাধনা বৰুৱা সোঁৱৰণী “সদিচ্ছা সমাজসেৱা বঁটা ২০২২”সমাজকৰ্মী শ্ৰীমতী সুচিস্মিতা মজুমদাৰক শাৰীৰিক অনগ্ৰসৰ ব্যক্তিসকলৰ বাবে স্বেচ্ছাসেৱা সংগঠন “স্বাবলম্বী”ৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰে।
“বগী ড্ৰাইভাৰ” নামেৰে খ্যাত শ্ৰীমতী পূজা বড়োক নিজৰ লগতে আন মহিলাকো স্বাবলম্বী কৰাৰ ক্ষেত্ৰত চলাই অহা নিৰৱছিন্ন প্ৰচেষ্টাৰ বাবে ‘সদিচ্ছা উদ্যোগী বঁটা ২০২২”প্ৰদান কৰে।