Local, Vocal, Global

Goalpara Gang rape : তিনি পাষণ্ডই অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ ছাত্ৰীক

নিউজ ডেস্ক, ২০ জুন : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণ কাণ্ড। জোনালী নাথ হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে গোৱালপাৰাত সোমবাৰে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ গোৱালপাৰা জিলাৰ ফৰেষ্ট গে’টত সংঘটিত হৈছে এই ঘটনা (Gang rape school girls) । চলন্ত গাড়ীৰ ভিতৰত‌ দিন-দুপৰতে তিনি পাষণ্ডৰ কামনাৰ বলি হৈছে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ।

অভিযোগ অনুসৰি ফৰেষ্ট গে’টৰ এগৰাকী ১৬ বছৰীয়া ছাত্ৰী বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে তিনি যুৱকে পথৰ পৰাই মুখত সোপা দি এখন বাহনত অপহৰণ কৰি নিয়ে (Three thugs kidnapped and gang-raped girl)।

ঘটনা অনুসৰি, সোমবাৰে বিয়লি ২ বজাৰ পৰিৱৰ্তে ১ বজাত স্কুল ছুটি হোৱাৰ পিছত ঘৰলৈ খোজ কাঢ়ি ওভতাৰ পথতে চহৰৰ উপকণ্ঠ ফৰেষ্ট গে’টৰ এগৰাকী ১৬ বছৰীয়া ছাত্ৰীক তিনিজনীয়া দুৰ্বৃত্তৰ দলে এখন গাড়ীৰে অপহৰণ কৰি নিয়ে । বিয়লি মূমূৰ্ষ অৱস্থাত ছাত্ৰীগৰাকীয়ে ফৰেষ্টগে’টৰ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

ছাত্ৰীগৰাকীক সন্ধিয়া ততালিকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত নিশা ছাত্ৰীগৰাকীয়ে অভিভাৱকক একেটা অঞ্চলৰ আলিমুদ্দিন আৰু ফুনচান্দ নামৰ দুই যুৱকৰ সৈতে আন এজন অচিনাকী যুৱকে ছাত্ৰীগৰাকীক স্কুলৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মুখত সোপা দি বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় বুলি জানিবলৈ দিয়ে ।

চলন্ত গাড়ীৰ ভিতৰতে ছাত্ৰীগৰাকীক তিনি পাষণ্ডই যৌন উৎপীড়ন চলাই ছাত্ৰীগৰাকীক । বিয়লি তিনিমান বজাত ছাত্ৰীগৰাকীক তিনি পাষণ্ডই বলপূৰ্বকভাৱে নিচাজাতীয় দ্ৰৱ্য সেৱন কৰোৱাই ফৰেষ্টগে’ট কৱৰস্থানৰ কাষত পেলাই থৈ যায় । ইফালে গাড়ীৰ ভিতৰত উৎপীড়ন চলোৱাৰ সময়ত কিশোৰী গৰাকীৰ ডিঙি চেপি ধৰিছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে । ডিঙিত নখৰ স্পষ্ট চিন থকাও পৰিলক্ষিত হৈছে বুলি জানিবলৈ পৰা গৈছে ।

ছাত্ৰীগৰাকীৰ অভিভাৱকে এই সন্দৰ্ভত নিশা গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ ভাষ্যগ্ৰহণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : RATH YATRA : আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথ যাত্রা