Three students missing in Noonmati : মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দেশ ৩গৰাকী ছাত্ৰী

নিউজ ডেস্ক,২৫জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।
পুনৰ মহানগৰীত নিৰুদ্দেশ কিশোৰী । এইবাৰ মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দেশ ছাত্ৰী । নিৰুদ্দেশ অষ্টম শ্ৰেণীত অধ্যয়নৰত ৩গৰাকী ছাত্ৰী। নুনমাটিৰ নেপালী চ’কৰ ছানছাইন পাব্লিক স্কুলত অধ্যয়নত ছাত্ৰী তিনিগৰাকী(Three students missing in Noonmati)।
জানিব পৰা মতে, বিদ্যালয়লৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ হয় তিনিওগৰাকী ছাত্ৰী। তিনিওগৰাকী ছাত্ৰী শিলিগুৰিত থকাৰ সম্ভেদ লাভ নুনমাটি আৰক্ষীৰ। নিৰুদ্দিষ্ট ছাত্ৰীকেইগৰাকী নাৰী সৰবৰাহ চক্ৰৰ কবলত পৰাৰ সন্দেহ। পোহৰলৈ আহিছে এজন যুৱকৰ সৈতে শিলিগুৰিত অৱস্থানৰ তথ্য।
লগতে পঢ়ক : Sensational Incident : পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক !