Local, Vocal, Global

Three-storey building collapses in Mumbai : ভাঙি পৰিল তিনিমহলীয়া অট্টালিকা; ধ্বংসাৱশেষত আৱদ্ধ লোক

নেশ্যনেল ডেস্ক,২৭জুলাই : মুম্বাইত হৈ থকা ধাৰাসাৰ বৰষুণৰ মাজতে ভয়ংকৰ ঘটনা। মুম্বাইত বৰষুণৰ মাজতে ভাঙি পৰিল তিনিমহলীয়া অট্টালিকা । ফলত ধ্বংসাৱশেষত আৱদ্ধ হৈ পৰে লোক।

শনিবাৰৰ পুৱাৰ ভাগত নৱী মুম্বাই অৰ্থাৎ নতুন মুম্বাইৰ বেলাপুৰৰ সমীপৰ চাহাবাজ গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । এই অট্টালিকাটোত মুঠ ২৬ টা পৰিয়ালে বাস কৰিছিল। অট্টালিকাটো ভাঙি পৰাৰ সময়ত বহু কেইটা পৰিয়াল নিজৰ নিজৰ কোঠাতেই আছিল। অট্টালিকাটো প্ৰায় ১৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল বুলিও জানিব পৰা গৈছে( Three-storey building collapses in Mumbai)।

নৱী মুম্বাইৰ উপ-অগ্নিনিৰ্বাপক বিষয়া পুৰুষোত্তম যাদৱে জনোৱা মতে, জৰুৰীকালীন সেৱাই পুৱা ৪.৫০ বজাত এই ঘটনাৰ বিষয়ে অৱগত হয় । ততাতৈয়াকৈ ঘটনাস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু নৱী মুম্বাই পৌৰ নিগমৰ অগ্নিনিৰ্বাপক বাহিনীক মোতায়েন কৰা হয় ।

ধ্বংসাৱশেষৰ পৰা দুজন ব্যক্তিক সফলতাৰে উদ্ধাৰ কৰাৰ বিপৰীতে আৱদ্ধ হৈ পৰা বুলি আশংকা প্ৰকাশ কৰা আন এজন লোকক বিচাৰি উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে ।

উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি থকা বুলি উল্লেখ কৰি আৰক্ষী বিষয়াসকলে পৰিস্থিতি নিশ্চিত কৰে । বিষয়াসকলে জনোৱা মতে, এন ডি আৰ এফে বাকী থকা ব্যক্তিসকলক নিৰাপদ স্থানলৈ অনাৰ প্ৰচেষ্টা চলি আছে ।

লগতে পঢ়ক : Assam Rifles recovers Arms and Ammunition : মণিপুৰৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনীৰ অভিযান; অভিযানত জব্দ অবৈধ মাৰণাস্ত্ৰৰ