শিমলীতোলাত ৩২ টা গৰুসহ আটক তিনিজন সৰবৰাহকাৰীক…
ডিজিটেল ডেস্ক:-ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।গৰুৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী।ৰাজ্য়ৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাই আছে অভিযান।শিমলীতোলাত আৰক্ষীৰ অভিযান।
গোৱালপাৰাৰ শিমলীতোলাৰ বৰপথাৰত গোপন খবৰৰ ভিত্তিত শিমলীতোলা আৰক্ষী বিষয়া মনোজ দাসৰ নেতৃত্বত আৰক্ষীৰ চকীৰ এটি দলে নিশা অভিযান চলাই জৰীপ আলী নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰা মুঠ ৩২টাকৈ গৰু জব্দ কৰাৰ লগতে জৰীপ উদ্দিন,ছইৰুদ্দিন শ্বেখ আৰু আয়নাল হক নামৰ গৰু সৰবৰাহ কাৰী তিনিজনক গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে জৰীপ উদ্দিন দীৰ্ঘদিনৰে পৰা চোৰাং গৰু সৰবৰাহৰ লগত জড়িত আছিল। আৰক্ষী বিষয়া মনোজ দাসে জনোৱা মতে গৰু সমূহ স্থানীয় বজাৰৰ পৰা ক্ৰয় কৰি মেঘালয়লৈ সৰবৰাহ কৰে। শিমলীতোলা আৰক্ষীয়ে ইতিমধ্যে আটক কৰি তিনিজনক জেল হাজোতলৈ প্ৰেৰণৰ যো-জা চলাইছে। আগন্তুক দিনবোৰতো এনে অভিযান চলাই যাব বুলি আৰক্ষীয়ে জানিব দিয়ে ।