Three new criminal laws come into force today : সোমবাৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল তিনিখন নতুন আইন

নিউজ ডেস্ক,১জুলাই : সোমবাৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল তিনিখন নতুন আইন। দেশত কাৰ্যকাৰী হ’ল তিনিখন নতুন ফৌজদাৰী আইন ।
এই আইন তিনিখন হ’ল – ভাৰতীয় ন্যায় সংহিতা (BNS), ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম (BSA)। তিনিওখন আইন ২০২৩ চনৰ ডিচেম্বৰত সংসদত গৃহীত হৈছিল। এই আইন তিনিখনে ইণ্ডিয়ান পেনেল কোড (IPC) ১৮৬০, ক্ৰিমিনেল প্ৰচিজিঅ’ৰ কোড (CrPC) ১৯৭৩ আৰু ইণ্ডিয়ান এভিডেন্স এক্ট ১৮৭২ৰ স্থান ল’ব(Three new criminal laws come into force today)।
এই তিনিখন আইনত অন্তৰ্ভুক্ত কৰা হৈছে নতুন নতুন অপৰাধ …..
প্ৰতাৰণাৰে শাৰীৰিক সম্পৰ্ক স্থাপন
১. ভাৰতীয় ন্যায় সংহিতা (BNS)ত কেইবাটাও নতুন অপৰাধ অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে ধাৰা ৬৯, য’ত ‘চলনাৰে শাৰীৰিক সম্পৰ্ক’ৰ গোচৰত শাস্তিৰ ব্যৱস্থা আছে। যদি কোনো লোকে প্ৰতাৰণাৰে বা বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি দি কোনো মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, তেওঁৰ ১০ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনা হ’ব পাৰে। ইয়াৰ ভিতৰত সংস্থাপন বা পদোন্নতিৰ মিছা প্ৰতিশ্ৰুতি, কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰি বা আচল পৰিচয় লুকুৱাই বিয়া পতাও অন্তৰ্ভুক্ত আছে।
গণপ্ৰহাৰৰ দৰে অপৰাধ
২. ভাৰতীয় ন্যায় সংহিতা ((BNS)ৰ ধাৰা ১০৩ৰ অধীনত, প্ৰথমবাৰৰ বাবে জাতি, সম্প্ৰদায়ৰ আধাৰত কৰা হত্যাক এক পৃথক অপৰাধ হিচাপে মান্যতা প্ৰদান কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে ২০১৮ চনত কেন্দ্ৰীয় চৰকাৰক গণপ্ৰহাৰৰ বাবে এক পৃথক আইনৰ ওপৰত বিবেচনা কৰাৰ নিৰ্দেশ দিছিল। এই নতুন আইনৰ জৰিয়তে জাতি-ধৰ্মৰ আধাৰত হোৱা অপৰাধক আইনী মান্যতা প্ৰদান কৰিব পৰা হ’ব।
সংগঠিত অপৰাধ
৩. ভাৰতীয় ন্যায় সংহিতাত আৰু এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল সংগঠিত অপৰাধ (Organised Crime) আৰু সন্ত্ৰাসবাদ। পূৰ্বে এই অপৰাধ পৃথক পৃথক আইনৰ আওতাত পৰিছিল। যেনে সন্ত্ৰাসবাদৰ বাবে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন বা UAPA আৰু ৰাজ্যৰ নিজৰ আইন যেনে – মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ অধিনিয়ম।
সন্ত্ৰাসবাদ
অৱশ্যে, ভাৰতীয় ন্যায় সংহিতাত সন্ত্ৰাসবাদৰ সৈতে জড়িত যি ব্যৱস্থা আছে, তাত বহুখিনি বস্তু UAPAৰ পৰা লোৱা হৈছে। সেইদৰে সংগঠিত অপৰাধক ধাৰা ১১১(১)ত পৰিভাষিত কৰা হৈছে। য’ত – অপহৰণ, ডকাইতি, বাহন চুৰি, বলপূৰ্বক ধনদাবী, ভূমি দখল, চুপাৰি কিলিং, অৰ্থনৈতিক অপৰাধ, গুৰুতৰ চাইবাৰ অপৰাধ, ড্ৰাগছ, অবৈধ সামগ্ৰী বা সেৱা আৰু অস্ত্ৰ সৰবৰাহ, বেশ্যাবৃত্তি বা মুক্তিপণৰ বাবে মানৱ সৰবৰাহ আদিৰ দৰে বেআইনী গতিবিধি অন্তৰ্ভুক্ত।
নতুন আইনৰ ১০টা ডাঙৰ দিশ
১. CRPCত মুঠ ৪৮৪টা ধাৰা আছিল, BNSSত ৫৩১টা ধাৰা আছে।
২. যিকোনো নাগৰিকে যিকোনো স্থানত জিৰ’ এফ আই আৰ দাখিল কৰিব পাৰিব।
৩. এফ আই আৰৰ ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিব।
৪. চাৰ্জশ্বীট দাখিল হোৱাৰ ৬০ দিনৰ ভিতৰত ক’ৰ্টে অভিযোগ নিশ্চিয় কৰিব লাগিব।
৫. গোচৰৰ শুনানি সম্পূৰ্ণ হোৱাৰ ৩০ দিনৰ ভিতৰত জাজমেণ্ট দিব লাগিব।
৬. জিম্মাত লোৱা লোকৰ বিষয়ে পৰিয়ালক লিখিতভাৱে জনাব লাগিব।
৭. বিএনএছত নাবালকৰ সৈতে দুষ্কৰ্মত কঠোৰ শাস্তিৰ ব্যৱস্থা।
৮. অডিঅ’-ভিডিঅ’/ইলেকট্ৰনিক পদ্ধতিৰে সমগ্ৰহ কৰা প্ৰমাণক অগ্ৰাধিকাৰ।
৯. অধিকতম শাস্তি পাৰ কৰা কয়দীক প্ৰাইভেট বণ্ডত মুকলিৰ ব্যৱস্থা।
১০. চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে ১২০ দিনত অনুমতি।
চিলনী চুৰি
৪. ভাৰতীয় ন্যায় সংহিতাত প্ৰথমবাৰ চিলনী চুৰি (Snatching)কো নতুন অপৰাধৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। সংহিতাৰ ধাৰা ৩০৪(১)ত কোৱা হৈছে, ‘যদি অপৰাধীয়ে চুৰি কৰাৰ উদ্দেশ্যে কোনো ব্যক্তিৰ পৰা তেওঁৰ সম্পদ বলপূৰ্বক কাঢ়ি লয়, আঁজুৰি লয়, তেন্তে ইয়াৰ অধীনত আহিব।’ চুৰি আৰু চিলনী চুৰি দুয়োটাতে তিনি বছৰৰ জে’লৰ শাস্তিৰ ব্যৱস্থা আছে।
নাবালিকা পত্নীৰ সৈতে বলাৎকাৰ
৫. ভাৰতীয় ন্যায় সংহিতাত নাবালিকা পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ককো বলাৎকাৰৰ আওতাত অনা হৈছে। নতুন আইনৰ আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল ইয়াত কিছুমান অপৰাধৰ দণ্ডৰ বিকল্প হিচাপে সামূহিক সেৱাৰ আৰম্ভণি অন্তৰ্ভুক্ত। ইয়াত সৰু-সুৰা চুৰি, মানহানি আৰু কোনো চৰকাৰী কৰ্মচাৰীৰ কামত বাধা দিয়াৰ উদ্দেশ্যৰে চূড়ান্ত সিদ্ধান্তৰ প্ৰয়াস অন্তৰ্ভুক্ত।