Three Naxalites Killed In Gunfight With Security Forces : ছত্তীশগড়ত নিহত তিনি নক্সালবাদী

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : ছত্তীশগড়ত নক্সালবাদী বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান । নিৰাপত্তাৰক্ষী অভিযানত নিহত তিনি নক্সালবাদী ।
দেওবাৰে নক্সালবাদৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষী অভিযান। নিৰাপত্তাৰক্ষী অভিযান ছত্তীশগড়ৰ দন্তেৱাদা অঞ্চলত । এই অভিযানৰ সময়তে নিৰাপত্তাৰক্ষী আৰু নক্সালবাদী মাজত সংঘৰ্ষ হয় আৰু তিনিজন নক্সালবাদী নিহত হয় ।
আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জনোৱা অনুসৰি , কাটেকল্যান থানাৰ অন্তৰ্গত ডব্বাকুন্নাৰ সমীপত দেওবাৰে বিয়লি প্ৰায় ৫:৩০ বজাত সংঘটিত হয়(Three Naxalites Killed In Gunfight With Security Forces In Dantewada) ।
উল্লেখ্য যে, জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু বাষ্টাৰ ফাইটাৰ, দুয়োটা ৰাজ্যিক আৰক্ষী বাহিনীৰ নেতৃত্বত চলা এই অভিযান আৰম্ভ হয় টুমাকপাল আৰক্ষী শিবিৰৰ পৰা দ্ব্বাকুন্না অভিমুখে দন্তেৱাদা-সুকমা আন্তঃজিলা সীমান্তৰ কাষেৰে। টুমাকপাল আৰু ডব্বাকুন্নাৰ মাজৰ এটা বনাঞ্চল পাহাৰত এই এনকাউণ্টাৰ সংঘটিত হয়।
আই জিয়ে উল্লেখ কৰা অনুসৰি ঘটনাস্থলীত ‘ইউনিফৰ্ম’ পৰিধান কৰা তিনিজন পুৰুষ নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও এনকাউণ্টাৰ স্থানত বিভিন্ন ধৰণৰ বিস্ফোৰক আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে।