Local, Vocal, Global

তিনি মাহৰ পিছত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা

নিউজ ডেস্ক, ৪ জুন :শুকুৰবাৰে পুৱতি নিশা হোজাই আৰক্ষীয়ে গুৱাহাটীৰ সাতগাঁৱস্থিত এটি ব্যক্তিগত ফ্লেটত অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা ইয়াচমিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়ষ্ঠৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত হোজাই আৰু ডবকাৰ এটি আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা ইয়াচমিনক ৷

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২ মাৰ্চৰ পৰা ছাবিনা ইয়াচমিনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল হোজাই জিলা আৰক্ষীয়ে ৷

অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা, যুৱতীক বহিঃৰাষ্ট্ৰলৈ প্ৰৱঞ্চনাৰে সৰবৰাহ কৰাৰ অভিযোগ আছে গ্ৰেপ্তাৰ হোৱা ইয়াচমিনৰ বিৰুদ্ধে ৷ লগতে নকল আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ প্ৰস্তুত কৰি দিয়াৰো অভিযোগ আছে মহিলা গৰাকীৰ বিৰুদ্ধে৷

মহিলাগৰাকীৰ ডবকাৰ বাসগৃহত মাৰ্চত অভিযান চলাই আৰক্ষীয়ে ২৫ খনকৈ আন্তঃৰাষ্ট্ৰীয় পৰপত্ৰৰ লগতে বিভিন্ন মহিলা, যুৱতীৰ নথি পত্ৰ জব্দ কৰিছিল ৷ হোজাই থানাত ৰুজু হৈ থকা গোচৰ ক্ৰমে ১৯৮/২০২২,৯৭/২০২২ আৰু ডবকা থানাৰ ৭২/২০২২ নম্বৰত অভিযুক্ত মহিলাগৰাকী ৷