Three members of family killed in Gujarat building collapse : গুজৰাটৰ দ্বাৰকাত ভাঙি পৰিল ৩ মহলীয়া অট্টালিকা;নিহত এগৰাকী বৃদ্ধা আৰু তেওঁৰ দুগৰাকী নাতিনীয়েক

নেশ্যনেল ডেস্ক,২৪জুলাই : ধাৰাসাৰ বৰষুণৰ মাজতে গুজৰাটৰ দ্বাৰকাত অঘটন। ধাৰাসাৰ বৰষুণৰ মাজতে ভাঙি পৰিল ৩ মহলীয়া অট্টালিকা। ফলত নিহত এগৰাকী বৃদ্ধা আৰু তেওঁৰ দুগৰাকী নাতিনীয়েক । গুজৰাটৰ দ্বাৰকা জিলাৰ জাম খাম্ভলিয়া চহৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো( Three of family killed as building collapses in Dwarka) ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
ঘটনা সন্দৰ্ভথ এনডিআৰএফৰ পৰিদৰ্শক (বদোদৰা) বিপিন কুমাৰে কয়, “তিনি মহলীয়া অট্টালিকা ভাঙি পৰাৰ তথ্য লাভ কৰাৰ পিছতে এনডিআৰএফৰ দলটোৱে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰ অভিযানত ৫জনকৈ লোকক উদ্ধাৰ কৰে । বৰ্তমানেও এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে(Three members of family killed in Gujarat building collapse) ।
লগতে পঢ়ক : Road Accident in Nalbari : নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে ছুইফট ডিজায়াৰ বাহন