Watch | Three lakh takas of illegal foreign liquor seized in hajo: নিশা হাজোৰ মনাহকুচিত তিনি লাখ টকাৰ অবৈধ বিলাতী সুৰা জব্দ
হাজো: নিশা হাজোৰ মনাহকুচিত তিনি লাখ টকাৰ অবৈধ বিলাতী সুৰা জব্দ। হিন্দু জাগৰণ নামৰ সংগঠনটোৱে জব্দ কৰিলে এই অবৈধ সুৰা খিনি।
গুৱাহাটীৰ পৰা পাটাচাৰকুচি লৈ গৈ থকা অৱস্থাত জব্দ কৰে এই অবৈধ সুৰা খিনি। সুৰৰ লগত আটক কৰে হাজোৰ কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰীক।
AS,01,MC 5645 নংৰ ডি আই ভেন খনো জব্দ কৰি গতাই দিয়ে হাজো আৰক্ষীক। গগন পাটোৱাৰীৰ নেতৃত্বত হাজোৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰা যোগান অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।