Local, Vocal, Global

Three killed in suicide attack in Afghanistan : ব্যক্তিগত বেংকত আত্মঘাতী বোমাৰুৱে আক্ৰমণ; নিহত তিনিজন, আহত ১২জন

ইণ্টাৰনেশ্যনেল ডেস্ক,২১মাৰ্চ : ব্যক্তিগত বেংকত আত্মঘাতী বোমাৰুৱে আক্ৰমণ । নিহত তিনিজন, আহত ১২জন(Three killed in suicide attack in Afghanistan) ।

বৃহস্পতিবাৰে দক্ষিণ আফগানিস্তানৰ কান্দাহাৰ চহৰৰ এটা ব্যক্তিগত বেংকত আত্মঘাতী বোমাৰুৱে আক্ৰমণ চলায় । ফলত তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় ১২ জন ।

এই ঘটনা সন্দৰ্ভত চৰকাৰৰ কান্দাহাৰ তথ্য আৰু সংস্কৃতি বিভাগৰ মুৰব্বী ইনামুল্লা চামংগনীয়ে কয় যে, ভুক্তভোগীসকলৰ আটাইকেইজনে তেওঁলোকৰ মাহিলি দৰমহা সংগ্ৰহ কৰিবলৈ নিউ কাবুল বেংকৰ শাখাটোত একত্ৰিত হৈছিল (Suicide attack on a private bank in Afghanistan kills 3, injures 12)।

আনহাতে, তালিবানৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল মতিন কানিয়েও এই আক্ৰমণটো নিশ্চিত কৰিছে । অৱশ্যে তেওঁ অধিক বিৱৰণ প্ৰদান কৰিব নোৱাৰিলে । তেওঁ কয় যে ইয়াৰ তদন্ত আৰম্ভ কৰা হৈছে । অৱশ্যে তাৎক্ষণিকভাৱে কোনেও বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই(Deadly suicide bomb reported at bank in Kandahar) ।

উল্লেখ্য যে তালিবানৰ এক মুখ্য প্ৰতিদ্বন্দ্বী ইছলামিক ষ্টেট গোটৰ সহযোগী সংগঠনটোৱে সমগ্ৰ দেশৰ বিদ্যালয়, চিকিৎসালয়, মছজিদ আৰু চিয়া প্ৰধান অঞ্চলত পূৰ্বতে আক্ৰমণ চলাইছিল ।

কান্দাহাৰ চহৰ আফগানিস্তানৰ শাসকসকলৰ বাবে এক আধ্যাত্মিক আৰু ৰাজনৈতিক কেন্দ্ৰ । কিয়নো তালিবানৰ সৰ্বোচ্চ নেতা মোল্লা হিবাতুল্লা আখুন্দজাদা তাত থাকে আৰু মুখ্য বিষয়বোৰৰ ওপৰত তেওঁৰ সিদ্ধান্তবোৰ ৰাজধানী কাবুলৰ পৰা কৰ্তৃপক্ষই কাৰ্যকৰী কৰে ।

লগতে পঢ়ক : Congress third candidate list for Lok Sabha elections 2024 to be announced today :আজি প্ৰকাশ পাব কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা