হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰে তিনিজন নিহত
নিউজ ডেস্ক, ২৩ মে’- গোৱালপাৰা গৌনগৰ শালবাৰীৰ দ্বিতীয় খণ্ডত ভয়ানক ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গল একেটা পৰিয়ালৰে তিনিজনকৈ লোকৰ। হাতীৰ আক্ৰমণত প্ৰাণ গল মমিন আলী, জহুৰা বিবি, জৰিমন বিবিৰ।
অঞ্চলটোত প্ৰায় এসপ্তাহ ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত। হাতীৰ জাকৰ আক্ৰমণত উজাগৰী নিশা পাৰ কৰিছে অঞ্চলবাসীয়ে।
বৰ্তমান সময়লৈকে অঞ্চলটোত বনৰীয়া হাতীয়ে ১০ টাতকৈ অধিক বাসগৃহ ভাঙি তহিলং কৰিছে।
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। এতিয়ালৈকে সমগ্ৰ অসমত প্ৰায় ৪৭৯ জনে বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।