NIT Moral Policing: তিনি গৰাকী ৰান্ধনীক দলৱদ্ধ আক্ৰমণ ছাত্ৰৰ
শিলচৰ, ২৯জুলাই : ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ শিলচৰ NIT শিক্ষানুষ্ঠানত ছাত্ৰ নামি পৰিল মৰেল পুলিচঙত। NIT ৰ তিনি ৰান্ধনীক দলবদ্ধ আক্ৰমণ একাংশ গুণ্ডাৰূপী ছাত্ৰৰ (NIT Moral Policing) । গুণ্ডাৰূপী ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনি ৰান্ধনী । জানিব পৰা মতে,মবাইল চোৰৰ অভিযোগত আক্ৰমণ কৰে NIT ৰ তিনি ৰান্ধনীক । গুৰুতৰভাৱে আহত হয় ৰান্ধনী তিনিগৰাকী ।
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে সংঘটিত হৈচে এই ঘটনা কিন্তু শেহতীয়াকৈ আহিছে পোহৰলৈ এই ঘটনাৰ ।এই সমগ্ৰ মাৰপিটৰ ঘটনা ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (youth injured after being brutally beaten up by some NIT students silchar) ৷
জানিব পৰা মতে, শিলচৰ NIT ৰ 9 নং হোষ্টেলত বুধবাৰৰ নিশা সংঘটিত হৈছিল এই ঘটনাৰ । এন আই টিখনৰ ৪ নং হোষ্টেলৰ এগৰাকী ছাত্ৰৰ ম’বাইল এটা চুৰি হৈছিল আৰু এই ফোন চুৰিৰ অভিযোগত এন আই টি ৰ একাংশ ছাত্ৰই মনা দাস, বিকি ৰি আৰু দৰ্পণ ৰাজকুমাৰ নামৰ তিনিজন ৰান্ধনীক আটক কৰে ।ইয়াৰ পাছতে তিনি ৰান্ধনীক গাড়ী তুলি এন আই টিৰ ৯ নং হোষ্টেলত লৈ যায় আৰু তাত ৰান্ধনী তিনিগৰাকীক মাৰপিট কৰে ১০/১২ জনীয়া দলটোৱে । গুণ্ডাৰূপী ছাত্ৰৰ আক্ৰমণত গুৰুতৰ আহত হয় তিনি ৰান্ধনী ।আৰু গুৰুতৰভাৱে আহত হয়(3 cooks of NIT hostel in silchar thrashed by students) ।
ইয়াৰ পাছতে আহত ৰান্ধনী তিনিগৰাকীক শিলচৰ মেডিকেল কলেজত লৈ যোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ কৰি মনা দাস আৰু বিকি ৰিক চিকিৎসকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে যদিও কিন্তু দৰ্পণ ৰাজকুমাৰৰ গুৰুতৰভৱে আহত হোৱা বাবে হাস্পতালতে ৰখা হয়(Three cooks were attacked by students) । বৰ্তমান দৰ্পণ ৰাজকুমাৰৰ চিকিৎসালয়ত চিকিৎসধীন হৈ আছে । ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে । আনহাতে এই সমগ্ৰ ঘটনাৰ হোষ্টেল তথা NIT ৰ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে।