Local, Vocal, Global

Three Basistha police officers face allegations of assaulting a man : খাকী পোচাকত পুনৰ লাগিল দাগ; বশিষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ

নিউজ ডেস্ক,২৫জুন : ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে ৰাজ্যৰ স্মাৰ্ট আৰক্ষী ৷ বাৰে বাৰে খাকী পোচাকত দাগ লগাই আছে ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই ৷ খাকী পোচাকত পুনৰ লাগিল দাগ ৷পুনৰ ৰক্ষকেই ভক্ষক হোৱাৰ অভিযোগ ৷

অভিযোগ অনুসৰি, বশিষ্ঠ আৰক্ষীৰ তিনি আৰক্ষী বিষয়াই গুৱাহাটীৰ মাজমজিয়াত ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি ৷ অভিযুক্ত আৰক্ষী বিষয়া কেইগৰাকী হৈছে পৰাগ জ্যোতি বৰ্মন, তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলী(Three Basistha police officers face allegations of assaulting a man) ৷

ভুক্তভোগীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, সোমবাৰে নিশা কামৰ পৰা ঘৰৰ দিশে উভতি আহি আছিল বিজয় নাথ নামৰ যুৱজন ৷ তেনেতে বিজয়ে প্ৰত্যক্ষ কৰে যে তিনি আৰক্ষী বিষয়াই এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক প্ৰহাৰ কৰি আছে ৷ তেতিয়া বিজয়ে আৰক্ষী বিষয়াকেইগাৰাকীক বাধা দিয়ে ৷ যাৰ বাবে সুৰাৰ ৰাগিত মাতাল হৈ খঙৰ ভমকত তিনি আৰক্ষী বিষয়াই বিজয়ক মাৰপিট কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় বিজয় ৷

সুযোগ বুজি আহত বিজয়ে ভায়েক ৰাতুল নাথক ফোন কৰে ৷ তাৰ পাচতে উক্ত স্থানত ৰাতুল উপস্থিত হৈ বিজয়ক বচোৱাৰ চেষ্টা কৰে ৷ তেতিয়া আৰক্ষীয়ে ৰাতুলকো প্ৰহাৰ কৰে ৷

জানিব পৰা মতে, আৰক্ষীৰ প্ৰহাৰত বিজয় নাথৰ দুয়োখন ভৰি ভাঙি যোৱাৰ লগতে ৰাতুল নাথৰ আঙুলি ভাঙি যায় ৷ পৰৱৰ্তী সময়ত আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ইফালে ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে আৰক্ষীৰ ৷

বিজয় নাথৰ মাতৃয়ে উল্লেখ কৰা মতে, বশিষ্ঠ আৰক্ষীয়ে ৰাতুল আৰু বিজয়ৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৷ আনহাতে, বশিষ্ঠ আৰক্ষীৰ তিনি SI ক্ৰমে পৰাগ জ্যোতি বৰ্মন, তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলীক আজি বিয়লি আৰক্ষী আয়ুক্তই তলব কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰে এক সুত্ৰই প্ৰকাশ কৰিছে(Three Basistha police officers face allegations of assaulting a man) ৷

লগতে পঢ়ক : Sadhus protest in Kamakhya Temple : কামাখ্যা ধামত উত্তপ্ত পৰিস্থিতি;আৰক্ষীৰে হতাহতি সাধু-সন্ন্যাসীৰ