Local, Vocal, Global

Three Bangladeshi nationals detained : ভাৰত-বাংলা সীমান্তত ৩টা বাংলাদেশীক কৰায়ত্ত BSFৰ

নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা । ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্রেপ্তাৰ কৰিছে লগতে ৰাজ্য চৰকাৰে অসমত বহু অবৈধ বিদেশীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । তেনে সময়তে অসম আৰক্ষীয়ে পুনৰ ৩ বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত বাধা দিয়ে(Three Bangladeshi nationals detained)।

ভাৰত-বাংলা সীমান্তত BSFয়ে ৩টা বাংলাদেশীক কৰায়ত্ত কৰে ৷ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোঁতে কৰায়ত্ত কৰে বাংলাদেশী কেইগৰাকী৷ আটকাধীন বাংলাদেশী ৩জন আনোৱাৰ হুছেইন, নাছৰিন শ্বেখ আৰু বাবলি শ্বেখ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ সহযোগত বাংলাদেশীলৈ ঘূৰাই পঠিওৱা হ’ল ৩ বাংলাদেশীক ৷

সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে তিনিজন বাংলাদেশ অনুপ্ৰৱেশকাৰীক সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়াবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক :Missing person drowned while fishing in the Brahmaputra river : মাছ মাৰিবলৈ গৈ নাওঁ ডুবি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এজন