Three arrested in Hojai for smuggling fake gold : হোজাইত জব্দ ৪৪ লাখ ১০ হাজাৰ ৯০০ টকা নকল সোণ;গ্ৰেপ্তাৰ ৩ অভিযুক্তক
নিউজ ডেস্ক,১৩আগষ্ট : হোজাইত নকল সোণৰ ৰমৰমীয়া বেহা । হোজাই আৰক্ষীৰ নকল সোণৰ বিৰুদ্ধে অভিযান । অভিযানত জব্দ বুজন পৰিমাণ নকল সোণ । সোমবাৰে নিশা হোজাই আৰক্ষীয়ে হোজাই গোবিন্দ পল্লীৰ ৰাহুল দেৱনাথৰ ভাৰাগৃহত এই অভিযান চলাইছিল আৰু উক্ত গৃহৰ পৰাই ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে(Three arrested in Hojai for smuggling fake gold) ।
হোজাই আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দেওবাৰৰ নিশা আৰক্ষীয়ে এক অভিযানত ৪৪ লাখ ১০ হাজাৰ ৯০০ টকা নকল সোণৰ লগতে নকল সোণৰ লগত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ঘটনা সন্দৰ্ভত মঙলবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই কয় যে , “এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই সন্দৰ্ভত আমি অৱগত হৈছিলো ৷ নিৰ্ভৰযোগ্য সূত্ৰযোগে হোজাই নতুন বজাৰৰ লক্ষণ সোণাৰী নামৰ এজন লোকক তিনিজনীয়া এটা নকল সোণৰ ব্যৱসায়ীৰ দলে নকল সোণ বিক্ৰী কৰিছিল বুলি জানিব পাৰিছিলো । ইয়াৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰি তিনিজনীয়া নকল সোণৰ ব্যৱসায়ৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ।”
জানিব পৰা অনুসৰি, নকল সোণ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ধৃত তিনিৰ ভিতৰত ২ অভিযুক্তৰ ঘৰ ত্ৰিপুৰাত ৷ ত্ৰিপুৰাৰ আগৰতলা শ্ৰীনগৰ থানাৰ অন্তৰ্গত সুমন দাস আৰু ৰঞ্জিত বনিক নকল সোণ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ লগতে আনজন অভিযুক্ত হোজাই থানাৰ অন্তৰ্গত শলমাৰীৰ বিপ্লৱ মজুমদাৰ বুলি জানিব পৰা গৈছে(Three arrested in Hojai for smuggling fake gold)।
লগতে পঢ়ক : Cyber crime in Nagaon : নগাঁও আৰক্ষীৰ জালত ৮ চাইবাৰ অপৰাধী