Local, Vocal, Global

অবৈধ গঁড়ৰ শিঙৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন লোক

নিউজ ডেস্ক, ১৯ আগষ্ট : বৃহস্পতিবাৰে গোলাঘাট জিলাত অবৈধ গঁড়ৰ শিঙৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত অসমৰ বন বিষয়াসকলে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বন বিষয়াসকলে জনোৱা তথ্য অনুসৰি তিনিওজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত গঁড়ৰ শিং চোৰাং ব্যৱসায়ত জড়িত আছিল।

জিলা বন বিষয়া ৰমেশ কুমাৰ গোঁহাইয়ে কয় যে “এজন অভিযুক্ত কাজিৰঙাৰ ওচৰৰ বাঘমাৰী অঞ্চলৰ পৰা আটক কৰা হৈছিল আৰু তেওঁৰ স্বীকাৰোক্তিৰ পিছত, আন দুজনকো আটক কৰা হৈছিল,” ।

আনহাতে, ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।