Local, Vocal, Global

WATCH | Thousands of fish were killed by poisoning in the pond : পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে লক্ষাধিক টকাৰ মাছ

চাপৰ,২৭ফেব্ৰুৱাৰী : চাপৰৰ হাতীপোতাত সংঘটিত হৈছে অমানৱীয় কাণ্ড। পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে লক্ষাধিক টকাৰ মাছ ।

অঞ্চলটোৰ আব্বাজ আলী নামৰ লোকজনে ৩টা পুখুৰী ভাড়াত লৈছিল। লোকজনে নিজৰ ভাড়া পুখুৰীত মীন পালন কৰি থকাৰ মাজতে নিশা দূৰ্বৃত্তই পুখুৰীটোত বিষ ঢালি দিয়ে। পুৱাৰে পৰা পুখুৰীটোত মাছ নিধন হ’বলৈ ধৰাত মাছমৰীয়া জনৰ মূৰত সৰগ ভাগি পৰে ।

ঘটনাক লৈ ইতিমধ্যে আলীয়ে শালকোচা আৰক্ষী চকীৰ কাষ চাপিছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। এই ঘটনাৰ ফলত মাছমৰীয়াজন বুজন পৰিমাণৰ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে(Thousands of fish were killed by poisoning in the pond)।

লগতে পঢ়ক:WATCH | Jamugurihat News : চাৰিদুৱাৰত ন্যাকুম উৎসৱ উদযাপন