এইবাৰ ছাগলী চুৰৰ ঘটনাত আটক শিক্ষকৰ পুত্ৰক

নিউজ ডেস্ক, ৩ জুন : অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ ফুকন নগৰ অঞ্চলত শনিবাৰে নিশা ছাগলী চুৰি ঘটনা সংঘটিত হয় ।
খবৰ অনুসৰি, ছাগলী চুৰি কৰি পলাই যাবলৈ চেষ্টা কৰা অৱস্থাত গাওঁবাসীয়ে প্ৰহাৰ কৰাৰ পূৰ্বে দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা যুৱক দুজনক হৃষীকেশ কাশ্যপ আৰু টুটু ডলী বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে, হৃষীকেশ কাশ্যপ নামৰ যুৱকজন দেৰগাঁৱৰ এখন শিক্ষাপ্ৰতিষ্ঠানৰ এজন প্ৰসিদ্ধ শিক্ষকৰ পুত্ৰ।