Local, Vocal, Global

Third student goes missing in Guwahati’s Noonmati area : পুনৰ পোহৰলৈ আহিছে আন এগৰাকী ছাত্ৰীৰ সন্ধানহীনৰ ঘটনা

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : সৰস্বতী পূজাৰ দিনাই সন্ধানহীন তিনিগৰাকীকৈ ছাত্ৰী । পুনৰ পোহৰলৈ আহিছে আন এগৰাকী ছাত্ৰীৰ সন্ধানহীনৰ ঘটনা । ২৪ ঘণ্টাৰ ভিতৰতে পোহৰলৈ মহানগৰীত সন্ধানহীন তৃতীয়গৰাকী ছাত্ৰী(Third student goes missing in Guwahati’s Noonmati area)।

জানিব পৰা মতে, সন্ধানহীন ছাত্ৰীগৰাকী নুনমাটিৰ ২নং বাপুজী নগৰৰ। ছাত্ৰীগৰাকী নুনমাটি হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত । সৰস্বতী পূজাৰ দিনাই সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী।

এই সন্দৰ্ভত পৰিয়ালে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ নং ধাৰাৰ অধীনত থানাত ২৭/২৪ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । এজাহাৰত অপহৰণকাৰীৰ নাম উল্লেখ কৰে পৰিয়ালে। পৰিয়ালৰ মতে সমীন আলী নামৰ যুৱকজনে যুৱতীগৰাকীক অপহৰণ কৰি লৈ যায় । কিন্তু বৰ্তমানলৈ কোনো সন্ধান লাভ কৰা নাই যুৱতীগৰাকীৰ ।
আৰক্ষীয়ে যুৱকজনৰ সৈতে যোগাযোগ কৰিব চেষ্টা কৰে যদিও যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ আছে(Third student goes missing in Guwahati’s Noonmati area, parents demand immediate action) ।

লগতে পঢ়ক : Sonia Gandhi not to contest 2024 LS polls : আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে