Local, Vocal, Global

Thieves terrorise in Guwahati : মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ সন্ত্ৰাস

নিউজ ডেস্ক,৩০মাৰ্চ : পুনৰ মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ সন্ত্ৰাস(Thieves terrorise in Guwahati) ।

তিনি ধৰ্মীয় অনুষ্ঠানৰ পৰা চোৰে লুটিলে নগদ ধনৰ লগতে মূল্যবান সামগ্ৰী ।

মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত পুনৰ চলিল চোৰৰ চাফাই অভিযান। এইবাৰ ঘটনাৰ স্থান নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্টগেটৰ যুৱনগৰ। ফৰেষ্টগেট যুৱনগৰ নামঘৰৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে নামঘৰৰ সা-সামগ্ৰী। নামঘৰৰ ভঁৰাল ঘৰ, মণিকূট আৰু নামঘৰৰ সংলগ্ন কোঠাত সোমাই চোৰে তলায় লুটপাত। নামঘৰৰ দান পাত্ৰৰ পৰা নগদ ধনৰ লগতে কাঁহ-পিতলৰ তাল, বাচন বৰ্তন আদিকে ধৰি চোৰে লুটি নিয়ে বহু সা-সামগ্ৰী।

উল্লেখ্য যে নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰটো চলিল চোৰৰ তাণ্ডৱ। মন্দিৰত প্ৰৱেশ কৰি মন্দিৰৰ দানপাত্ৰৰ পৰাও চোৰে লুটি নিয়ে নগদ ধন। ঘটনা সন্দৰ্ভত ইতিমধ্যে নুনমটি আৰক্ষী থানাত নামঘৰ তথা মন্দিৰ পৰিচালনা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত নুনমটি আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত(Thieves terrorise in Guwahati)।

লগতে পঢ়ক : Job Scam : নিযুক্তিৰ নামত ভয়ংকৰ জালিয়াতি