Thieves at a wedding hall in Guwahati : গুৱাহাটীত উছাহমুখৰ বিৱাহ ভৱনত চোৰৰ চাফাই!

নিউজ ডেস্ক,১৮ ফেব্ৰুৱাৰী : এইবাৰ চোৰৰ চাফাই বিবাহ মণ্ডপত। মহানগৰীৰ উজান বজাৰৰ বাসিন্দা বিবেক ৰয়ে মঠঘৰীয়াৰ দ্যা ক্ৰাউন বিবাহ ভবনত তেওঁৰ বিয়াৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছিল। বিবাহ ভবনত বৰযাত্ৰী আৰু কইনা যাত্ৰীৰ উপস্থিতিত উখল মাখল পৰিবেশ।এসময়ত বৰযাত্ৰী আৰু কইনাঘৰৰ লোক সকল আহাৰ গ্ৰহণত ব্যস্ত হৈ পৰিছিল(Thieves at a wedding hall in Guwahati)।
সেই সময়ত বৰযাত্ৰীৰ ৰূপত অহা এজন যুৱকে কইনাৰ বাবে ৰাখি থোৱা সোণৰ গহনা আৰু কাপোৰ থোৱা কোঠালীৰ ভিতৰত প্ৰবেশ কৰে।পাছত দৰাৰ পৰিয়ালে যেতিয়া কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো আনিবলৈ কোঠাটোৰ ভিতৰলৈ যায়,তেতিয়া তাত নাছিল সেই বিশেষ বেগটো।কোঠাটোৰ ভিতৰত কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো দেখা নাপাই বিবাহস্থলীত হুৱা দুৱা পৰিবেশৰ সৃষ্টি হয়।
কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো কতো বিছাৰি নাপাই দৰাৰ পৰিয়ালে চি চি টিভিৰ কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে।চি চি টিভিৰ ফুটেজত এজন অচিনাক্ত যুৱকে কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো লৈ যোৱাৰ দৃশ্য ধৰা পৰে।পাছত ঘটনা সন্দৰ্ভত দৰা বিবেক ৰায়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে(Thieves at a wedding hall in Guwahati)।
নুনমাটি আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।চুৰি হোৱা বেগটোৰ ভিতৰত প্ৰায় আঢ়ৈ লাখ টকাৰ সোণৰ গহনা আৰু দুই লাখ টকাৰ কাপোৰ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
লগতে পঢ়ক : Police raid against drugs in Duliajan : দুলীয়াজানত ড্ৰাগছসহ জব্দ ৩ খনকৈ বাহন, আটক ৩ সৰবৰাহকাৰী